nilacharai
পল্লৱপ্ৰাণ গোস্বামী
…‘ছপা কিতাপ এখন হাতত লৈ পঢ়াৰ আমেজেই সুকীয়াʼ, ʼনতুন কিতাপ এখনৰ গোন্ধত যি শিহৰণ পাওঁ, সেয়া আৰু কʼত পামʼ ধৰণৰ ৰোমাণ্টিকতাই আহিবলগীয়া সময়ত প্ৰকাশকসকলক যে বিশেষ সহায় নকৰে, সেয়া লাহে লাহে স্পষ্টতৰ হʼবলৈ ধৰিছে৷…
অসমীয়া কিতাপৰ পাইৰেছি: সমাধান সূত্ৰৰ সন্ধানত
‘দ্য এলকেমিষ্টʼ নামৰ অতি বিখ্যাত আৰু জনপ্ৰিয় উপন্যাসখনৰ ৰচয়িতা, প্ৰসিদ্ধ ব্ৰাজিলিয়ান গ্ৰন্থকাৰ পাওলো কোৱেলহোৱে কিতাপৰ পাইৰেছি সম্পৰ্কত এষাৰ বৰ ব্যতিক্ৰমী কথা কৈছিল৷ তেখেতৰ মতে, ‘মানুহে যাক পাইৰেছি বুলি কয়,— পাঠকে পঢ়াতকৈ ডাঙৰ পুৰস্কাৰ বেলেগ আৰু নাই বুলি উপলব্ধি কৰা লেখকৰ বাবে মই সেয়া মেডেল বুলিহে কওঁ৷ʼ (Some call this ‘piracy’. I call it a medal to any writer who understands that there are no better rewards than to be read.)
হয়োতো, লেখক এজনৰ কিতাপ পাঠকে পঢ়িছে, পঢ়িবলৈ পাইছে,— ইয়াতকৈ ডাঙৰ প্ৰাপ্তি লেখকজনৰ বাবে কি হʼব পাৰে? আমাৰ কবি হীৰেন ভট্টাচাৰ্যইও কৈছে— ‘পাঠেই কবিতাৰ জীৱনʼ৷ অৱশ্যে তেখেতে শব্দ কৰি পাঠ কৰা অৰ্থত কʼলেও বা বিশেষভাৱে কবিতা বুলি উল্লেখ কৰিলেও শেষ বিচাৰত কথাটো একেই৷ কিন্তু অৱধাৰিত প্ৰশ্নটো হʼল— লেখকৰ বাবে যি, কিতাপৰ প্ৰকাশকৰ বাবেও কথাটো একেনে? পঢ়ুৱৈৰ পাঠেই প্ৰকাশকৰ বাবেও পৰম প্ৰাপ্তি হ’ব পাৰেনে?
যোৱা ২৮ জুন, ২০২২ তাৰিখে বাতৰি কাকত আৰু ই-মিডিয়াত প্ৰকাশিত এক খবৰৰ আঁত ধৰি কথাকেইটা মনলৈ আহিল৷ বাতৰিত প্ৰকাশ যে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ গোচৰ অনুযায়ী পাণবজাৰ থানাৰ আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা জনৈক ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে৷ অভিযোগ— ব্যক্তিজনে পাঁচ হাজাৰৰো অধিক (স্থানান্তৰত সাত হাজাৰৰো অধিক) অসমীয়া গ্ৰন্থৰ স্কেন কৰা কপি পিডিএফ ফাইল হিচাপে অনলাইনত বিক্ৰী কৰি ‘লাখ লাখʼ ধন ঘটিছে৷ অৰ্থাৎ ব্যক্তিজনে কিতাপৰ পাইৰেছি কৰি অবৈধ ব্যৱসায় কৰি মুনাফা অৰ্জন কৰিছে৷ কপিৰাইটযুক্ত কিতাপৰ ক্ষেত্ৰত কোনো সন্দেহ নথকাকৈ ই এক অপৰাধ৷ অপৰাধৰ বিচাৰ আৰু শাস্তি হোৱাটো আমি নিশ্চিতভাৱে বিচাৰিম৷ তৎসত্তেও বাতৰিটো পঢ়ি উঠাৰ পাছত আমাৰ মনত দুটা প্ৰসংগৰ উদয় হৈছে৷ এটা সহজ, পোনপটীয়া৷ আনটো দীঘলীয়া৷
প্ৰথমটো প্ৰসংগ— তিনিচুকীয়াৰ ব্যক্তিজনে কৰা পাইৰেছিয়েই অসমীয়া কিতাপৰ পাইৰেছিৰ প্ৰথম আৰু একমাত্ৰ ঘটনা নে? ইণ্টাৰনেটৰ অন্য কʼতো অসমীয়া কিতাপৰ অকৰ্তৃত্বশীল উপস্থিতি নাইয়েই নে? যদি আছে, সেই সম্পৰ্কত পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিহিত ব্যৱস্থা লৈছেনে? আমি আঙুলিয়াব বিচাৰিম বিশেষকৈ ইণ্টাৰনেট আৰ্কাইভ (archive.org) বোলা আমেৰিকান ডিজিটেল লাইব্ৰেৰী ৱেবচাইটোটোলৈ৷ এই আৰ্কাইভত কেইবা নিযুত চিনেমা, ভিডিঅʼ, টিভি শ্বʼ, চফটৱেৰ, সংগীত, ছবিৰ উপৰি বৰ্তমানলৈ ৩৫ নিযুতৰো অধিক ছপা কিতাপৰ কপি আছে৷ সমগ্ৰ বিশ্বৰে অনেক ভাষাৰ কিতাপৰ লগতে বুজন সংখ্যক অসমীয়া কপিৰাইটমুক্ত আৰু কপিৰাইটযুক্ত কিতাপ ইণ্টাৰনেট আৰ্কাইভত উপলব্ধ হৈ আছে৷
আৰ্কাইভৰ গ্ৰন্থসমূহ গৱেষক, ছাত্ৰ, সাধাৰণ পাঠকৰ উপকাৰত লাগিলেও বিষয়টো যে অবৈধ, অনৈতিক,— সেয়া স্বীকাৰ কৰিবই লাগিব৷ ইণ্টাৰনেট আৰ্কাইভৰ পৰা বুজন সংখ্যক কপিৰাইট যুক্ত অসমীয়া কিতাপ আঁতৰাব নোৱাৰিলে পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ শেহতীয়া পদক্ষেপক ৰৌ-বৰালী এৰি পুঠি-খলিহনা ধৰি সন্তুষ্ট হোৱা বুলি ভবাৰ বাহিৰে বেলেগ ভবাৰ অৱকাশ নাথাকিব৷ কপিৰাইটযুক্ত কিতাপৰ বাবে কেইবাটাও আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ইণ্টাৰনেট আৰ্কাইভক এতিয়ালৈকে কোনো ভাৰতীয় প্ৰকাশকে আদালতৰ মজিয়ালৈ নিয়া বুলি আমি খবৰ পোৱা নাই৷ ২০১৭ চনত ভাৰত চৰকাৰে সাময়িকভাৱে চাইটটো ভাৰতত ব্লক কৰিছিল, কিন্তু সেয়া আছিল বলিউডৰ চিনেমাৰ পাইৰেছি প্ৰসংগতহে৷
আমাৰ দ্বিতীয়টো প্ৰসংগ— উল্লিখিত বাতৰিটোত বিবৃত হোৱা মতে (পুথি প্ৰকাশক সংস্থাৰ বক্তব্য অনুসৰি), অকল অসমীয়া কিতাপৰ পিডিএফ ফাইলৰ জৰিয়তেই ধৃত ব্যক্তিজনে ‘লাখ লাখʼ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷ এই কথাটোৱে অসমীয়া কিতাপৰ এখন সমান্তৰাল বজাৰৰ কথা আৰু সম্ভাৱনীয়তা উন্মোচন কৰিছে৷ আচলতে বজাৰখনে কেতিয়াবাৰে পৰা লাহে লাহে গঢ় লৈ আছিল, তাকে জানিবা অসমীয়া পুথি প্ৰকাশকসকলে দেখা নাছিল বা নেদেখাৰ ভাও ধৰি আছিল৷ কʼব বিচাৰিছোঁ, ই-কিতাপৰ বজাৰখনৰ কথা৷ এই বজাৰখন দখল কৰিবলৈ অসমীয়া প্ৰকাশকসকলে কিবা উদ্যোগ হাতত লৈছেনে?
বিশেষকৈ ইংৰাজী ভাষাত গ্ৰন্থ প্ৰকাশ কৰা প্ৰকাশকসকলে ছপা সংস্কৰণৰ লগে লগেই কিতাপৰ ইলেকট্ৰনিক সংস্কৰণ প্ৰকাশ কৰাৰ ব্যৱস্থা ইতিমধ্যে পুৰণাই হʼল৷ লেটিন লিপি ব্যৱহাৰ নকৰা অন্যান্য ভাষালৈ ইউনিকোড ব্যৱস্থাৰ সমৰ্থন অহাৰ পাছৰে পৰা অন্যান্য ভাষা তথা আমাৰ ভাৰতীয় দুই-এক ভাষাৰ কিতাপো ই-বুক হিচাপে ওলাবলৈ ধৰিছে৷ কাষৰীয়া পশ্চিম বংগৰ আনন্দ পাব্লিছাৰ্ছৰ বাংলা ভাষাৰ প্ৰায়বোৰ কিতাপ এতিয়া ই-বুক হিচাপে পোৱা যায়৷ প্ৰসংগক্ৰমে, আনন্দ পাব্লিছাৰ্ছৰ পৰা প্ৰকাশিত আটাইকেইখন আলোচনী (দেশ, বইয়েৰ দেশ, সানন্দা, আনন্দলোক) অতি সম্প্ৰতি ই-বুক ফৰ্মেটত তেওঁলোকৰ ‘আৰও আনন্দ’ নামৰ এটা এপৰ মাধ্যমেৰে চাবস্ক্ৰিপশ্যনৰ বিনিময়ত পোৱা যায়— ছপা আলোচনীৰ দামতকৈ যথেষ্ট কম দামত। অসমীয়া আলোচনীৰ প্ৰকাশকসকলেও এই বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰা ভাল।
সাম্প্ৰতিক সময়ত ই-বুক এখনৰ ব্যৱহাৰিক যথেষ্ট সুবিধা আছে৷ স্মাৰ্টফোন আৰু ইণ্টাৰনেট ডাটাৰ সুলভ মূল্য আৰু সহজলভ্যতাই সমাজৰ একেবাৰে প্ৰান্তীয় জনলৈকে ডিজিটেল বিপ্লৱক কঢ়িয়াই নিছে আৰু এই বিপ্লৱে ই-কিতাপক মানুহৰ কাষ চপোৱাত অধিক সহায় কৰিছে৷ ছপা কিতাপৰ দৰে ই-কিতাপ থʼবলৈ যথেষ্ট ঠাই আৰু মনোযোগৰ দৰকাৰ নপৰে৷ সাধাৰণ স্মাৰ্ট ফোন একোটাৰ মেমৰিতে কেইবাশ ই-কিতাপ সঞ্চয় কৰি ৰাখিব পাৰি৷ ই-বুক ৰিডাৰ এপৰ জৰিয়তে একে সময়তে একাধিক ডিভাইচত ই-বুক উপলব্ধ কৰি পঢ়িব পাৰি আৰু অতি সহজেই ই-কিতাপৰ এটা বিশাল ভাণ্ডাৰ লগতে লৈ ফুৰিব পাৰি৷
কʼৰোনা ভাইৰাছ কালীন লকডাউনৰ সময়ৰ পৰাই ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ মাজত স্মাৰ্ট ফোনৰ উপৰি অলপ ডাঙৰ আকৃতিৰ টেবলেট (এণ্ড্ৰয়ড, আইপেড), কিণ্ডেল ৰিডাৰৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে৷ মূলতঃ পাঠ্যক্ৰমৰ কিতাপ পঢ়া, নোট তৈয়াৰ কৰা আৰু অনলাইন ক্লাছ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰী-শিক্ষকসকলে টেবলেটক আদৰি লৈছে৷ হয়তো চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে ফোন কোম্পানীবোৰে আগৰ দৰে কম ক্ষমতা সম্পন্ন প্ৰছেচৰ, কম ৰিজলুশ্যনৰ স্ক্ৰীনেৰে টেবলেট উলিয়াই দিয়াৰ পৰিৱৰ্তে এতিয়া যথেষ্ট উচ্চ ক্ষমতাসম্পন্ন কৰি আৰু চকুৰ উপযোগী স্ক্ৰীনৰে সৈতে টেবলেট উলিয়াবলৈ লৈছে৷ এই সকলোবোৰেই নিশ্চিতভাৱে ই-কিতাপখনৰ বজাৰ বৃদ্ধিত অৰিহণা যোগাইছে৷
ই-কিতাপ তৈয়াৰ কৰা আৰু বিপণন কৰাটোও বৰ বেছি জটিল নহয়৷ পুথি প্ৰকাশক সংস্থাৰ দৰে ডাঙৰ আৰু সুশৃংখলিত অনুষ্ঠানৰ বাবে এই প্ৰক্ৰিয়া যথেষ্ট সহজেই হʼব লাগে৷ অতি সহজে এমাজনৰ কিণ্ডেল ফৰ্মেটত তেওঁলোকৰ প্লেটফৰ্ম (এপ আৰু ডিভাইচ)ত ই-কিতাপ বিপণন কৰিব পাৰে৷ গুগল প্লে বুকছ্, এডবি ইবুক প্লেটফৰ্ম আদি এপও ই-কিতাপৰ বিপণনৰ বাবে ব্যৱহাৰ কৰিব পাৰি৷ সংস্থাই নিজাববীয়াকৈ মূলতঃ এণ্ড্ৰয়ড আৰু আইঅʼএছ অপাৰেটিং চিষ্টেম সমৰ্থন কৰাকৈ সংস্থাৰ অধীনৰ সকলো প্ৰকাশকৰ বাবে এটা উমৈহতীয়া এপ তৈয়াৰ কৰিও ই-কিতাপ বিক্ৰী কৰিব পাৰে বা ধাৰলৈ দিব পাৰে৷
ব্যৱহাৰকাৰীয়ে ডাউনলোড আৰু নিজাকৈ বিতৰণ কৰিব নোৱৰাকৈ ডিআৰএম (ডিজিটেল ৰাইটছ মেনেজমেণ্ট) কৰি ই-কিতাপ বিপণন কৰাটো বৰ টান কাম নহয়৷ সদিচ্ছা আৰু সাম্প্ৰতিক সময়ৰ প্ৰত্যাহ্বানক যথোচিতভাৱে গ্ৰহণ কৰাটোহে দৰকাৰী কথা৷ এটা কথা উনুকিয়াই থোৱাটো ভাল হʼব— পিডিএফ সাধাৰণতেই ই-কিতাপৰ ফৰ্মেট নহয়৷ ছবি ভিত্তিক পিডিএফ ফাইল মোবাইল ডিভাইচত পঢ়াৰ উপযোগী নহয়৷ ওপৰত কৈ অহা কিণ্ডেল আৰু ই-পাব, মবি জাতীয় টেক্সট বেছড্ ফৰ্মেটহে ই-কিতাপৰ প্ৰকৃত ফৰ্মেট৷ এনে সুবিধাজনক ফৰ্মেটত কিতাপ উপলব্ধ হʼলে স্বাভাৱিকতে অসুবিধাজনক পিডিএফৰ কদৰ কমি যাব৷
আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় স্তৰৰ প্ৰকাশকসকলৰ ই-কিতাপৰ বজাৰলৈ মন কৰিলে দেখা যায়, সাধাৰণতেই তেওঁলোকৰ ছপা কিতাপতকৈ ই-কিতাপৰ দাম কম হয়৷ গতিকে ইয়াৰ দ্বাৰা পাঠকসকলো উপকৃত হয়৷ দাম কম হʼলেও প্ৰকাশকসকলো ছপা কিতাপতকৈ ই-কিতাপৰ পৰা বেছি লাভবান হয়৷ ছপাৰ খৰচ, কাগজ, বন্ধাৰ খৰচ, বিপণনৰ বাবে গাড়ী-মটৰৰ খৰচ নথকাৰ বাবে বিক্ৰী মূল্যৰ বুজন পৰিমাণ তেওঁলোকৰ লাভ হিচাপে থাকি যায়৷ ফলত তেওঁলোকৰ লগে লগে লেখকসকলো আৰ্থিকভাৱে অধিক উপকৃত হোৱাৰ থল দেখা যায়৷ ছপা কিতাপতকৈ ই-কিতাপে লেখক, পাঠক আৰু প্ৰকাশক— তিনিওকে অধিক পৰিমাণে উপকৃত কৰাৰ গণিত বহন কৰিছে৷
‘ছপা কিতাপ এখন হাতত লৈ পঢ়াৰ আমেজেই সুকীয়াʼ, ʼনতুন কিতাপ এখনৰ গোন্ধত যি শিহৰণ পাওঁ, সেয়া আৰু কʼত পামʼ ধৰণৰ ৰোমাণ্টিকতাই আহিবলগীয়া সময়ত প্ৰকাশকসকলক যে বিশেষ সহায় নকৰে, সেয়া লাহে লাহে স্পষ্টতৰ হʼবলৈ ধৰিছে৷ ছপা কিতাপ চলি থাকক (মাজে মাজে ৰোমাণ্টিক হোৱা ভাল!), কিন্তু তাৰ লগে লগে প্ৰযুক্তিয়ে কঢ়িয়াই অনা সুবিধা গ্ৰহণ নকৰিলে বা সেই প্ৰযুক্তিৰ সৈতে নিজকে আগবঢ়াই নিনিলে ক্ষতি নিজৰে হʼব, ক্ষতি প্ৰকাশন উদ্যোগটোৰ হ’ব৷
প্ৰকাশকসকলে ই-কিতাপৰ গুৰুত্ব আৰু বজাৰৰ সম্ভাৱনীয়তা বুজি ছপা কিতাপৰ সমান্তৰালভাৱে তাকো প্ৰকাশ কৰাৰ প্ৰযত্ন কৰা ভাল৷ অপ্ৰিয় যেন লাগিলেও এই কথা ক’বই লাগিব— বজাৰখন বৈধভাৱে দখল কৰাৰ ইচ্ছা আৰু চেষ্টা নকৰিলে এই বিশাল আৰু সম্ভাৱনাৰে পূৰ্ণ বজাৰখন হয়তো অবৈধভাৱেই দখল হৈ থাকিব৷
অসমীয়া কিতাপৰ পাইৰেছি: সমাধান সূত্ৰৰ সন্ধানত | পল্লৱপ্ৰাণ গোস্বামী